ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2024 8:02 PM | Defense Minister

printer

অগতানুগতিক যুদ্ধই প্ৰতিৰক্ষা খণ্ডত নতুন প্ৰত্যাহ্বানৰ সূচনা কৰিছে : প্ৰতিৰক্ষা মন্ত্ৰী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে অগতানুগতিক যুদ্ধই প্ৰতিৰক্ষা খণ্ডত নতুন প্ৰত্যাহ্বানৰ সূচনা কৰিছে। প্ৰযুক্তিয়ে এই নতুন ৰূপৰ অগতানুগতিক যুদ্ধৰ সূচনা কৰিছে আৰু ড্ৰ’ন, চাইবাৰ যুদ্ধ, জৈৱ-অস্ত্ৰ আৰু মহাকাশ প্ৰতিৰক্ষা মূল প্ৰত্যাহ্বান হিচাপে পৰিলক্ষিত হৈছে বুলি আজি নতুন দিল্লীৰ এটা অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই মন্তব্য কৰে। উদ্ভাৱনৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা খণ্ডত গৱেষণা আৰু উন্নয়নৰ গুৰুত্ব বৃদ্ধিৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিশ্বই পৰিৱৰ্তনৰ প্ৰত্যেক্ষদর্শী হোৱাৰ লগে লগে প্ৰযুক্তিৰ তাৎপৰ্য্য, গৱেষণা আৰু উন্নয়ন বৃদ্ধি হৈছে। দেশৰ প্ৰতিৰক্ষা খণ্ডক অধিক উদ্ভাৱনীমূলক আৰু প্ৰযুক্তিমুখী কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰযুক্তিৰ বাবে বৰ্তমান অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিৰ বৃহৎ পৰিৱৰ্তন দেখা গৈছে। যেতিয়া যুৱক-যুৱতীসকলে নতুন কিবা এটা সপোন দেখাৰ সাহস কৰে তেতিয়া সেই সপোনবোৰ পূৰণৰ বাবে নতুন পথ গঢ়ি তুলিব পাৰি বুলিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে ।