ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠানক উদ্ভাৱনীশীল হোৱাৰ লগতে যোগাযোগৰ সমস্যা সমাধানৰ বাবে প্ৰযুক্তিৰ বিকাশ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মহীশূৰত অনুষ্ঠিত অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠানৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ প্রদান কৰি এইদৰে কয়। প্রতিষ্ঠানটোৰ দক্ষতাৰ ক্ষেত্ৰত প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উৎকৃষ্টতা কেন্দ্র থকা প্ৰতিষ্ঠানটোৱে অন্যান্য গৱেষণা প্ৰতিষ্ঠান, ষ্টাৰ্ট আপ আৰু প্ৰতিষ্ঠানৰ প্ৰাক্তন শিক্ষার্থীসকলক শ্ৰৱণ অক্ষমতাৰ সমস্যা সমাধানৰ বাবে জড়িত কৰিব লাগিব। উল্লেখযোগ্য যে এই প্রতিষ্ঠানে শ্ৰৱণ ক্ষমতা হেৰুওৱা আৰু কথা কোৱাৰ বিকাৰত আক্ৰান্ত লোকসকলৰ বাবে ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰাত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। শ্ৰী মুৰ্মুৱে ভাষণত সুগম ভাৰত অভিযানৰ বিষয়েও উল্লেখ কৰিছে যাৰ লক্ষ্য হৈছে শ্ৰৱণ আৰু কথা কোৱাৰ সমস্যা থকা লোকসকলক সমান সুযোগ প্রদান কৰা। এনে লোকসকলৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিবলৈ ২৩ ছেপ্টেম্বৰত পালন কৰা সংকেত ভাষা দিৱসৰ বিষয়েও তেওঁ কয়। এই অনুষ্ঠানত ৰাজ্যপাল থাৱাৰচন্দ্ৰ গেহলট আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্ধৰমৈয়া, কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী দীনেশ গুণ্ডু ৰাও আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলো উপস্থিত আছিল।
Site Admin | September 1, 2025 8:23 PM | Prez
অখিল ভাৰতীয় বাক আৰু শ্ৰৱণ প্ৰতিষ্ঠানৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ভাষণ
