অক্টোবৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি গুৱাহাটীৰ কালাপাহাৰত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু জি এম চি এইচ চৌহদত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয় পৰিদৰ্শন কৰি কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক দেশৰ ভিতৰতে অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। তেওঁ কয়, যে ৫০-৭৫ বছৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি নতুন ভৱনসমূহ নিৰ্মাণৰ উপৰি অত্যাধুনিক সা-সুবিধাৰ সংযোজনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক নতুন ৰূপ দিয়াৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। ইতিমধ্যে প্রস্তুত হোৱা নক্সাৰ আধাৰত চিকিৎসা মহাবিদ্যালয়খনত ৰোগীৰ বাবে ৩ হাজাৰ খন বিছনা সন্নিবিষ্ট কৰা হ’ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে ।
ইয়াৰ পূৰ্বে তেওঁ কালাপাহাৰত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল পৰিদৰ্শন কৰি অহা ১৫ আগষ্টৰ পূৰ্বে ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ৮০ শতাংশ সম্পূর্ণ হৈছে আৰু বহিঃবিভাগৰ সেৱা আগবঢ়াই থকা হৈছে। নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাছত এই চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমত এশগৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়খনত ৫০০ খন বিছনাযুক্ত আন এটা ভৱন নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ড০ শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়ৰ কাম-কাজৰ অগ্ৰগতিৰো বুজ লয়। তেওঁ কয়, যে অক্টোবৰত নিৰ্মাণকাৰ্য সম্পূর্ণ হ’বলগীয়া এই চিকিৎসালয়খনত ৮০০খন বিছনা থাকিব আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ কাৰ্যালয় এই চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব। চিকিৎসালয়খনৰ বিছনা ৩ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, যে নির্মীয়মান মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ত স্নায়ুবিজ্ঞান, হৃদৰোগকে ধৰি বিভিন্ন ছুপাৰ স্পেচিয়েলিটী সেৱা উপলব্ধ হ’ব। চিকিৎসালয়খনত বৃক্ক সংৰোপণৰো ব্যৱস্থা থাকিব। ৮০০ খন বিছনাযুক্ত এই চিকিৎসালয়খনৰ নিৰ্মাণ পূৰ্ণ গতিত চলি আছে।
Site Admin | April 17, 2025 10:36 AM | GMCH - CM
অক্টোবৰৰ ভিতৰত মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীৰ প্রকাশ
