ৰাজ্যৰ অংগনবাড়ী সহায়িকাসকলক অংগনবাড়ী কর্মীলৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা ৪৫ৰ পৰা ৫০ বছৰলৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যৰ বহু সংখ্যক অংগনবাড়ী সহায়িকা উপকৃত হ’ব বুলি উল্লেখ কৰে। মন্ত্রীসভাই ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ৮৫০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি দ্বিতীয় এডভান্টেজ আছামত স্বাক্ষৰিত চাৰিখন বুজাবুজিৰ চুক্তিটো মন্ত্ৰীসভাই অনুমোদন জনায়। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ত নামঘৰ, চৰকাৰী কাৰ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক ভূমি প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাই প্ৰায় সম্পূৰ্ণতা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শর্মাই মন্ত্রীসভাই প্রায় ৩৬ হাজাৰ এনে প্ৰস্তাৱত অনুমোদন জনাইছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ইয়াৰ ফলত ৩৬ হাজাৰ স্কুল, কলেজ, নামঘৰ আৰু চৰকাৰী অনুষ্ঠানে ভূমি লাভ কৰিবলৈ সমৰ্থ হ’ব।
২০২৫ বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ ক্ষেত্ৰতো মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি এহেজাৰ গৰাকী যুৱ লেখকক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্রদান, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক নৱেম্বৰৰ দৰমহাত কিতাপ ক্ৰয়ৰ বাবে এহেজাৰ টকাকৈ অতিৰিক্ত ধন প্ৰদান আৰু কিতাপৰ বৰ্ষ উপলক্ষে ড০ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এখন পুথি ১২ লাখ পৰিয়ালক বিতৰণকে ধৰি আন কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মন্ত্রীসভাই লগতে মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ, অমিনগাঁও আৰু বঙাইগাঁৱত নির্মিয়মান ছটা বিজ্ঞান কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ১৭৮ কোটি টকাৰ প্ৰস্তাৱতো অনুমোদন জনায়। বি টি আৰ প্ৰশাসনে বি টি আৰ অঞ্চলত থকা উন্নয়ন খণ্ডসমূহক পুনৰ গঠনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদনৰ বাবে কালিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।