ডাউনলোড
মোবাইল এপ

android apple
signal

ৱেভছ সন্মিলন ২০২৫ত সংবাদ সেৱা বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত

■ ৱেভছ সন্মিলন ২০২৫ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ’ ৱাৰ্ল্ড কনভেচন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈছে।

মুম্বাইৰ জিঅ’ বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজি এই সন্মিলনত উপস্থিত থাকি কয়, যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা কম। তেওঁ কয়, যে ভাৰতত কৈ আমেৰিকা যুক্তৰাষ্ট্ৰত জনসংখ্যা কম যদিও চলচ্চিত্ৰ গৃহৰ সংখ্যা যথেষ্ট বেছি।
দেশে ছবি নির্মাণ, ডিজিটেল বিষয়বস্তুৰ প্ৰস্তুতি, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ সংগীতানুষ্ঠানৰ ক্ষেত্ৰসমূহত বিশ্বস্তৰৰ কেন্দ্ৰ হিচাপে আগবাঢ়িবলৈ সক্ষম হৈছে। বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ২০২৫ৰ শুভাৰম্ভ কৰি কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। তেওঁ লগতে উল্লেখ কৰে যে, বৰ্তমানৰ এনিমেশ্যনৰ বিশ্বৰ বজাৰখনৰ মূল্য ৪৩০ বিলিয়ন ডলাৰতকৈও অধিক আৰু অহা ১০ বছৰৰ ভিতৰত এই বজাৰখনৰ মূল্য বাঢ়ি দুগুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে ইয়াৰ লগতে ভাৰতৰ এনিমেশ্যন আৰু গ্ৰাফিক্স উদ্যোগেও যথেষ্ট সুযোগ গ্ৰহণ কৰিব পাৰিব। তেওঁ এই উদ্যোগৰ অংশীদাৰসকলক আন্তর্জাতিকভাৱে এই সম্প্ৰসাৰণৰ পূৰ্ণ সুযোগ গ্রহণ কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে, ৱেভ কেৱল এখন সন্মিলনেই নহয়, ই সংস্কৃতি, সৃজনীশীলতা আৰু বিশ্ব সংযোগৰ প্ৰতিনিধিস্বৰূপ। ভাৰতৰ সৃষ্টিশীলতাৰ অৰ্থনীতিৰ ওপৰত জোৰ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে অনাগত সময়ত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰতো ই বিশেষ ভূমিকা পালন কৰিব। তেওঁ লগতে উল্লেখ কৰে যে, ৱেভ সন্মিলনৰ জৰিয়তে ১০০ খনতকৈও অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী আৰু নীতি প্রস্তুতকাৰীসকলে এখন মঞ্চত লগ হ’বলৈ সুযোগ পাইছে।

অধিক পঢ়ক

সকলো চাওক