ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 3, 2025 8:02 PM | Waves Music

printer

ৱেভছ সন্মিলনত স্পর্টিফাই হাউছ, ইভ’লিউছন অব ফ’ক মিউজিক ইন ইণ্ডিয়া শীর্ষক অনুষ্ঠান

মুম্বাইত চলি থকা ৱেভছ সন্মিলন ২০২৫ৰ আজি তৃতীয় দিনা স্পর্টিফাই হাউছ, ইভ’লিউছন অব ফ’ক মিউজিক ইন ইণ্ডিয়া শীর্ষক আকর্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ লোকসংগীতৰ শিল্পীসকলে মত বিনিময় কৰে। এই অনুষ্ঠানত বিশিষ্ট গীতিকাৰ তথা কেন্দ্ৰীয় চলচ্চিত্র প্রমাণীকৰণ পৰিষদৰ অধ্যক্ষ প্ৰসুন যোশী, অসমৰ সংগীত শিল্পী পাপন, লোক সংগীত শিল্পী মালিনী অৱষ্ঠি আৰু যশস্বী শিল্পী ইলা অৰুনে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ পাপনে লোক সংগীতৰ সৈতে তেওঁৰ যাত্ৰা আৰু চাৰ্ভিয়াত সংগীত পৰিৱেশনৰ সময়ত অসমীয়া লোক সংগীতক দেশখনৰ জনসাধাৰণে কৰা প্ৰশংসাৰ বিষয়ে উল্লেখ কৰে। লোকসংগীতৰ শিপা জনগোষ্ঠীয় জীৱন আৰু আৱেগৰ সৈতে যুক্ত হৈ আছে বুলি তেওঁ উল্লেখ কৰে। এই অনুষ্ঠানত ভাৰতীয় লোকসংগীতৰ চহকী পৰম্পৰাত আলোকপাত কৰা হয়।
ইপিনে, তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজুৱে ৱেভছ বজাৰ ২০২৫ ৰ জৰিয়তে এহেজাৰ কোটিৰো অধিক টকাৰ ব্যৱসায় হোৱা বুলি প্ৰকাশ কৰিছে। মুম্বাইত চলি থকা বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আন্তৰাষ্ট্ৰীয় বজাৰ উদ্যম ৱেভছ বজাৰ, সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগ খণ্ডৰ বাবে আন্তৰাষ্ট্ৰীয় সহযোগিতাৰ শক্তিশালী অনুঘটক হিচাপে পৰিগণিত হৈছে। ৱেভছ বজাৰৰ আগশাৰীৰ কোম্পানীয়ে অংশগ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।