মুম্বাইৰ জিঅ’ বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ উদ্বোধন কৰে। দেশে ছবি নির্মাণ, ডিজিটেল বিষয়বস্তুৰ প্রস্তুতি, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ সংগীতানুষ্ঠানৰ ক্ষেত্ৰসমূহত বিশ্বস্তৰৰ কেন্দ্ৰ হিচাপে আগবাঢ়িবলৈ সক্ষম হৈছে। বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন ২০২৫ৰ শুভাৰম্ভ কৰি আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। তেওঁ লগতে উল্লেখ কৰে যে, বর্তমানৰ এনিমেশ্যনৰ বিশ্বৰ বজাৰখনৰ মূল্য ৪৩০ বিলিয়ন ডলাৰতকৈও অধিক আৰু অহা ১০ বছৰৰ ভিতৰত এই বজাৰখনৰ মূল্য বাঢ়ি দুগুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে ইয়াৰ লগতে ভাৰতৰ এনিমেশ্যন আৰু গ্রাফিক্স উদ্যোগেও যথেষ্ট সুযোগ গ্ৰহণ কৰিব পাৰিব। তেওঁ এই উদ্যোগৰ অংশীদাৰসকলক আন্তর্জাতিকভাৱে এই সম্প্ৰসাৰণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্রী মোদীয়ে উল্লেখ কৰে যে, ৱেভ কেৱল এখন সন্মিলনেই নহয়, ই সংস্কৃতি, সৃজনীশীলতা আৰু বিশ্ব সংযোগৰ প্ৰতিনিধিস্বৰূপ। ভাৰতৰ সৃষ্টিশীলতাৰ অৰ্থনীতিৰ ওপৰত জোৰ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে অনাগত সময়ত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰতো ই বিশেষ ভূমিকা পালন কৰিব। তেওঁ লগতে উল্লেখ কৰে যে, ৱেভ সন্মিলনৰ জৰিয়তে ১০০ খনতকৈও অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী আৰু নীতি প্রস্তুতকাৰীসকলে এখন মঞ্চত লগ হ’বলৈ সুযোগ পাইছে। ৱেভ বজাৰ নামৰ পদক্ষেপে উদ্ভাৱক আৰু প্ৰস্তুতকাৰীসকলক উৎসাহ প্রদান কৰিব। দেশৰ বৰ্ণিল সংস্কৃতিৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীজনে কয়, যে দেশৰ প্ৰতিটো ৰাস্তাই ভাৰতীয় সংস্কৃতিৰ একো একোটা কাহিনী বহন কৰে। প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰা বৰ্তমানৰ একবিংশ শতিকাৰ বিশ্বখনত সৃজনীশীলতাৰ যথেষ্ট দায়িত্ব আছে। সেয়েহে প্ৰযুক্তিৰ লগতে সংস্কৃতিক সমানে গুৰুত্ব দিয়াবো যথেষ্ট প্রয়োজন আছে। শ্রী মোদীয়ে বিশ্বৰ সৃষ্টিশীলতাৰ সমুদায়ক ভাৰতৰ সৈতে সংযোজিত হ’বৰ বাবে আহ্বান জনায়। তেওঁ ভাৰতৰ সাধু কোৱাৰ পৰম্পৰাৰ ওপৰত জোৰ দি এই সাধু কথাসমূহে প্রাকৃতিক আৰু অর্থবহ সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে কয়, যে ভাৰতীয় চিনেমাসমূহে বিশ্বৰ সকলো কোণ চুবলৈ সক্ষম হৈছে আৰু বৰ্তমান এই চিনেমাসমূহ ১০০ খনতকৈও অধিক দেশত মুক্তি দিয়া হৈছে। অ’ টি টি ক্ষেত্ৰখনেও বর্তমান বহুলভাৱে আগবাঢ়ি গৈছে। প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ লগতে বিশ্বৰ বাবে সৃষ্টি কৰাব এয়াই উপযুক্ত সময়। প্রধানমন্ত্রীয়ে বিনিয়োগকাৰীসকলক বিভিন্ন মঞ্চতেই নহয়, মানুহৰ ক্ষেত্ৰটো বিনিয়োগ কৰিবলৈ আহ্বান জনায়। লগতে দেশৰ যুৱ প্ৰজন্মক ভাৰতৰ লক্ষ্য লক্ষ্য কাহিনী বিশ্বৰ সন্মুখলৈ উলিয়াই আনিবলৈও তেওঁ আহ্বান জনায়।
Site Admin | May 1, 2025 9:11 PM | PM Modi at WAVES Summit
বিশ্ব দৃশ্য-শ্রাব্য আৰু মনোৰঞ্জন সন্মিলন- ৱেভছ-২০২৫ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দ্বাৰা উদ্বোধন
