ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ ছাৰ্ভে ফৰ আধাৰ এণ্ড এক্সেছ টু ট্রেকিং এণ্ড হ’লিষ্টিক ইনক্লুজন কেম্পেইন নামৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে যোৱা ১৩ মে’ৰ পৰা সাথী অর্থাৎ ছাৰ্ভে ফৰ আধাৰ এণ্ড এক্সেছ টু ট্রেকিং এণ্ড হ’লিষ্টিক ইনক্লুজন কেম্পেইন নামৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। অভিভাৱকহীন, আশ্রয়হীন, ৰাজপথত বাস কৰা, সুৰক্ষা আৰু যত্নৰ সুস্থিৰ উৎস নথকা ১৮ বছৰ তলৰ নিঃস্ব শিশুসকলক আইনী পৰিচয় প্ৰদান আৰু সমাজ কল্যাণ আঁচনিসমূহৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত জিলা আইন সেৱা প্ৰাধিকৰণৰ নেতৃত্বত মিছন-ম’ড পদ্ধতিৰে এই বিশেষ শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ আধাৰৰ পঞ্জীয়ন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰাইদেউ জিলাত এই কামসমূহ সুচাৰুৰূপে চলাবৰ বাবে এখন জিলা সাথী সমিতি গঠন কৰা হৈছে আৰু এনে শিশুক চিনাক্ত কৰাৰ বাবে কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। এই শিশুসকলক চিনাক্ত কৰাৰ বাবে সহায় কৰিবলৈ সমিতিয়ে জিলাৰ সকলো নাগৰিকলৈ অনুৰোধ জনাইছে।

অধিক পঢ়ক

সকলো চাওক