ডাউনলোড
মোবাইল এপ

android apple
signal

May 14, 2025 8:25 PM | Triranga Yatra

printer

ৰাষ্ট্ৰজুৰি ১১ দিনীয়া শৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগ যাত্রা কাৰ্যসূচী

দেশৰ সুৰক্ষাৰ বাবে সেনাসকলে কৰা ত্যাগ আৰু বলিদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰজুৰি ১১ দিনীয়া শৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগ যাত্রা কাৰ্যসূচী অব্যাহত আছে। অসম প্রদেশ বিজেপিয়ে আজি আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা উলিয়ায়। বিজেপিৰ নেতা- কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলৰ কৰ্মকৰ্তাসকলে হাতে হাতে পতাকা লৈ, বন্দে মাতৰম ধবনি দি এই যাত্ৰাত অংশ লয়। ত্ৰিৰংগ যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে অপাৰেচন সিন্দুৰৰ জৰিয়তে সেনাই গৌৰৱ আৰু পৰাক্ৰমৰ নিদৰ্শন দাঙি ধৰিছে। ৰাজ্যবাসীক ত্ৰিৰংগ যাত্ৰাৰ অংশীদাৰ হৈ সেনাবাহিনীৰ এই বিক্ৰমক উদযাপন কৰিবলৈ তেওঁ আহ্বান জনায়। এই কাৰ্যসূচীত অংশ লৈ দিলীপ শ‍ইকীয়াই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁত পৰিকল্পনাৰে আক্ৰমণ কৰি সন্ত্ৰাসবাদীক শৰণ দিয়া পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সমৰ্থ হৈছে।
ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচীত ভাৰতীয় সেনাৰ বহুকেইগৰাকী অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়ায়েও অংশগ্ৰহণ কৰে। এই যাত্ৰাৰ সৈতে সংগতি ৰাখি সন্ধিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অপাৰেচন সিন্দুৰ তথা ভাৰতবৰ্ষৰ এই গৌৰৱময় ক্ষণ সন্দৰ্ভত এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কাৰ্বি আংলঙৰ ডিফু চহৰত ডিফু ৰাষ্ট্ৰীয় সুৰক্ষা নাগৰিকৰ উদ্যোগত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সহস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং তিছ’, বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও কর্মকর্তাই যাত্ৰাত অংশ লয়। ৰাজ্যখনত কাইলৈ আৰু পৰহিলৈ জিলা পৰ্যায়ত আৰু ১৮ মে’ত বুথ পৰ্যায়ত ত্ৰিৰংগ যাত্ৰা আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক