ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত শাসনত অধিষ্ঠিত বিজেপি আৰু ৰাভা-হাচং যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে নিশ্চিত সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ হৈছে। কামৰূপ জিলাৰ ১৪টা পৰিষদীয় সমষ্টিৰ ১০টাত ৰাভা যৌথ সংগ্ৰাম সমিতি, তিনিটা সমষ্টিত বিজেপি আৰু এটা সমষ্টিত নিৰ্দলীয় প্রার্থীৰ বিজয় সুনিশ্চিত হৈছে। বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্রার্থী অর্জুন ছেত্রী, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিহাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা, পাণ্টানত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোৱৰ্ধনত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো, দক্ষিণ বনগাঁও সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতি ৰাভা, চানডুবিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰশ্মি মালা ৰাভা, শিলপোটা সমষ্টিত বিজেপি প্রার্থী কমলেশ্বৰ ৰাভা, বামুনীগাঁও সমষ্টিত বিজেপি প্রার্থী অজিৎ ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালি ৰাভা আৰু লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গণনাৰ অন্তত নিকটতম প্রার্থীতকৈ নির্ণায়ক ভোটত আগবাঢ়ি থকা হেতুকে তেওঁলোকৰ বিজয় সুনিশ্চিত হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এই ফলাফল ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে বুলি আমাৰ কামৰূপৰ সংবাদদাতাই জনাইছে।
গোৱালপাৰা জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিটো এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠতা লাভৰ দিশত আগবাঢ়িছে। ধুপধৰা সমষ্টিত ৰাভা-হাচং যোথ সংগ্ৰাম সমিতিৰ অনাদি চৰকাৰ, কোঠাকুটি সমষ্টিত বিজেপি প্রার্থী ভৈৰৱ কছাৰী, দুধনৈ সমষ্টিত ৰাভা-হাচং যোথ সংগ্ৰাম সমিতিৰ উজ্বলা ব্ৰহ্ম, মাজজাখিলি সমষ্টিত ৰাভা-হাচং যোথ সংগ্ৰাম সমিতিৰ প্ৰবোধ কলিতা, ধনুভাঙা সমষ্টিত ৰাভা-হাচং যোথ সংগ্ৰাম সমিতিৰ ফণীন্দ্ৰ ৰাভা, হাব্রাঘাট সমষ্টিত ৰাভা-হাচং যোথ সংগ্ৰাম সমিতিৰ প্ৰতাপ ৰাভা, দক্ষিণ দুধনৈ সমষ্টিত ৰাভা-হাচং যোথ সংগ্ৰাম সমিতিৰ টংকেশ্বৰ ৰাভা আৰু কুশধোৱা দৰংগিৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পৰমা ৰাভাই অন্তিম ৰাউণ্ডত বৃহৎ ব্যৱধানত অগ্রগতি লাভ কৰিছে। গোৱালপাৰা জিলাতো এতিয়ালৈকে আনুষ্ঠানিক ফলাফল ঘোষণা কৰিবলৈ বাকী আছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
উল্লেখযোগ্য যে, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলাত ২০টা সমষ্টি আছিল যদিও ইয়াৰে এটা সমষ্টিৰ প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্ব্বিতাৰে নিৰ্বাচিত হোৱাত ১৯টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।