ৰাজ্য চৰকাৰে বিশ্বমানৰ সা-সুবিধাৰ সৈতে প্ৰতিখন বিদ্যালয়ৰ উন্নয়নৰ বাবে ৮ কোটি টকা বিনিয়োগ কৰি স্কুলীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে। আজি কামৰূপ জিলাৰ বেজেৰা আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষত এনে আৰু ৪৯৯খন বিদ্যালয় মুকলি কৰা হ’ব। অসমৰ স্কুলীয়া শিক্ষাৰ বাবে এয়া ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিশুসকলৰ প্ৰকৃত সবলীকৰণৰ উদ্দেশ্যে পৰৱৰ্ত্তী পাঁচ বছৰত এনে ৫ হাজাৰখন বিদ্যালয় নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে। তেওঁ কয় যে ইয়াৰ ফলত শিশুসকলে চৰকাৰী বিদ্যালয়তে উত্তম শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ’ব। ড০ শৰ্মাই লগতে কয় যে অসমৰ দৰে ৰাজ্য এখনৰ বাবে কিছু বছৰ পূৰ্বে অত্যাধুনিক আন্তঃগাঁথনি বিদ্যালয় নিৰ্মাণৰ বাবে ৪ হাজাৰ কোটি টকা ভাবিব নোৱাৰা কথা আছিল যদিও প্রাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা মহাবিদ্যালয় আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সৈতে অসমে সম্প্রতি দেশক পথ দেখুৱাবলৈ সমৰ্থ হৈছে।
Site Admin | January 15, 2025 7:37 PM | Assam CM@Bezera
ৰাজ্য চৰকাৰে বিশ্বমানৰ সা-সুবিধাৰ সৈতে প্ৰতিখন বিদ্যালয়ৰ উন্নয়নৰ বাবে ৮ কোটি টকা বিনিয়োগ কৰি স্কুলীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
