ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত বৰ্তমানলৈকে ৯ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৬৭ জন লোক আক্ৰান্ত হৈছে। একেদৰে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ২৬ জন লোক নিহত আৰু ৪৪৩ জন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনত ডেংগিত ১৪৭ জন আৰু মেলেৰিয়াত ১৫৭৯ জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছত এই পর্যন্ত বজালিত ৪, বৰপেটাত ১৪, ধেমাজিত ৫, ধুবুৰীত ৪, ডিব্ৰুগড়ত ২, গোৱালপাৰাত ৫, গোলাঘাটত ৪, হোজাইত ২, যোৰহাটত ১০, কামৰূপ জিলাত ১৬ জন লোক আক্ৰান্ত হৈছে।
কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্রায় ২০ হাজাৰ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে আৰু জিলাখনৰ অধীনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলিত ফগিং কৰাৰ ব্যৱস্থা কৰিছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত এটি শিশুৰ মৃত্যু হৈছে। জিলাখনত এইপর্যন্ত ছজন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে মাজুলীৰ ১১ খন গাঁৱত জাপানীজ এনকেফেলাইটিছৰ লগতে ডেংগি আৰু মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগে ১২ হাজাৰৰো অধিক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে।
যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এই ৰোগত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বর্তমান এটি দুবছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। শিৱসাগৰ জিলাত যোৱা এপ্ৰিলৰ পৰা বৰ্তমানলৈকে শিশুসহ ১০জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত সাতজন ৰোগী আৰোগ্য হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে। বাকী তিনিজনৰ ভিতৰত এটি শিশুসহ দুজন লোক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু এজন শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্রী অশোক সিংহলে জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক কঠোৰ নিৰ্দেশ দিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কালি দিছপুৰত এখন পর্যালোচনা সভাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্রাদুর্ভাব সম্পর্কে আলোচনা কৰে। বৈঠকত শ্ৰী সিংহলে অক্টোবৰৰ পৰা ৰাজ্যৰ স্পৰ্শকাতৰ জিলাসমূহত প্রাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টিকা প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে।