ৰাজ্যসভাত খালী হ′বলগীয়া অসমৰ আসন দুখনৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিৰোধী দল তথা কংগ্ৰেছে প্রার্থিত্ব আগনবঢ়ায়। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ’ব পৰাকৈ বিধায়ক নাই বাবেই ৰাজ্যসভাৰ খালী হোৱা আসনৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰে। বৰ্তমান দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধীয়ে প্রার্থিত নিদিয়াৰ সিদ্ধান্তই শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাতো স্পষ্ট হৈ পৰিল। আসন দুখনৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। কাইলৈ আবেলি ৩ বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিব লাগিব। ইতিমধ্যে শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্রার্থিত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল ১৪ জুনত অন্ত পৰিব।
Site Admin | June 8, 2025 7:00 PM | Rajya Sabha Election for 2 seat of Assam
ৰাজ্যসভাত খালী হ′বলগীয়া অসমৰ আসন দুখনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্রার্থিত্ব আগনবঢ়ায়
