ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি এদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীত উপস্থিত হৈছে। ৰাজ্যপালগৰাকীয়ে প্ৰথমে জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৰামৰায়কুটি সত্ৰ পৰিদৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত সত্ৰখন পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ সত্ৰশালৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সীমান্ত সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় কৰাৰ লগতে সীমান্তৰ বিভিন্ন সমস্যা তথা নিৰাপত্তা সন্দৰ্ভত আলোচনাত মিলিত হয়। দিনটোৰ পৰৱৰ্তী কাৰ্যসূচীত ৰাজ্যপাল শ্ৰী আচাৰ্য্যই ধুবুৰী চহৰলৈ ৰাওনা হয়। ধুবুৰীত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সন্দৰ্ভত এখন পর্যালোচনা সভাতো অংশগ্রহণ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।