ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন

■ ৰাজ্যৰ প্ৰান্তে প্রান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশেনেৰে সত্ৰ নগৰীখন প্ৰাণ চঞ্চল হৈ উঠিছে। বৰপেটাৰ ৰাজপথত কালি হোলী গীতৰ মুকলি প্রতিযোগিতা অনুষ্ঠিত হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় ৫০০ বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত কালিৰেপৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। কালি গন্ধোৎসৱেৰে আৰম্ভ কৰি পৰম্পৰাগত ৰীতি-নীতিৰে গোসাঁইক কীৰ্তনঘৰৰ পৰা উলিয়াই আনি নোওৱাৰ পাছত নতুন আসনত স্থাপন কৰি ৰাম ধেমালি পৰিৱেশন কৰা হয়। আজি গোসাঁইৰ মূৰত ফাকু দিয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ পৰা অহা ভক্ত- বৈষ্ণৱৰ নাম-কীৰ্তন আদি কাৰ্যসূচীৰ পাছত কাইলৈ গোসাঁইৰ ৰভাতলৰ পৰা উলিয়াই দৌললৈ যাত্ৰা কৰা হ’ব। দৌল যাত্ৰা উৎসৱৰ সৈতে সংগতি ৰাখি আজিৰ পৰা আকাশীগংগাৰ তীৰৰ আই খেসুঁতি প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীদৌল গোবিন্দ মন্দিৰত আধ্যাত্মিক পৰম্পৰা আৰু ৰীতি-নীতিৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। যোৱা নিশা মেষদাহ পৰ্বৰে এই উৎসৱৰ আৰম্ভণি হয়। ১৭ মাৰ্চত উৎসৱৰ সামৰণি পৰিব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গুৎসৱৰ আয়োজন কৰা হৈছে। মুখাশিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰত চাৰিদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে।
কোচবিহাৰৰ ইতিহাস প্রসিদ্ধ মধুপুৰ সত্ৰতো কালিৰে পৰা তিনিদিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। কালি গন্ধযাত্ৰাৰ লগতে সত্ৰৰ চৌহদত সাজি উলিওৱা ভেলাঘৰত অগ্নিসংযোগ কৰি ৰাইজৰ মংগল কামনা কৰা হয়। আজি গোসাঁইৰ সন্মুখত নাম প্ৰসংগ আৰু পৰিহলৈ গোসাঁইক লৈ শোভাযাত্ৰা কৰা হ’ব।
গোৱালপাৰা জিলাতো দৌল উৎসৱ উপলক্ষে জনসাধাৰণৰ মাজত আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰংজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত কালিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হৈছে। গোৱালপাৰাৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেৱলীয়া হাটী সত্ৰত কালি অধিবাস আৰু সান্ধ্য কীৰ্তনেৰে ৫ দিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰিত ফাকুৱা উদযাপন কৰা হৈছে। বাক্সা জিলাৰ জেংৰেংপাৰাতো কালিৰে পৰা ৫ দিনীয়াকৈ দৌল উৎসৱ উদযাপন কৰা হ’ব।
গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মহানগৰীৰ বজাৰসমূহ ৰং-বিৰঙী ফাকুগুৰী, ৰং আৰু ফাকুৱাৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে বিভিন্ন জিলা প্রশাসনে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে আবিৰৰ ৰঙে সকলোৰে মনপ্ৰাণ ৰঙীন কৰি তুলিব বুলি আশা প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক