বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত কালিৰে পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত অসমৰো বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত হৈ পৰিছে। শিলচৰ আৰু হাটশিঙিমাৰিকে ধৰি দক্ষিণ অসম, মধ্য আৰু পশ্চিম অসমৰ বিভিন্ন জিলাত যোৱা ২৪ ঘণ্টাত ৭ চেণ্টিমিটাৰৰ পৰা ৮ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ ৰেকৰ্ড কৰা হৈছে।
আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত নগৰীয়া বানে আজি জটিল ৰূপ ধাৰণ কৰে। ৰূক্মিণীগাঁৱৰ জি-এছ ৰোডৰ বিস্তৃর্ণ অঞ্চল এবুকু পর্যন্ত জলমগ্ন হৈ পৰাত সেই পথেৰে আজি যানবাহনৰ চলাচল বন্ধ হৈ পৰে। চিৰিয়াখানা পথৰ শ্ৰদ্ধাঞ্জলি উৰন সেতুৰ দুয়োফালৰ আৰম্ভণিৰ অংশৰ লগতে উৰণ সেতুৰ তল অংশ সম্পূর্ণ প্লাবিত হৈছে। এই পথেৰেও যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত উৰণ সেতুৰ ওপৰত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছে। মহানগৰীৰ বেলতলাৰ ৱায়াৰলেছ, হাতীগাঁও, জু-নাৰেংগী পথ, অনিল নগৰ, নবীন নগৰ, গোপীনাথ বৰদলৈ পথৰ অনুৰাধা চিনেমাৰ সন্মুখভাগ চানমাৰি ক’ল’নি, আমবাৰী, গুৱাহাটীক্লাব, বৰাগাঁও আদিকে ধৰি মহানগৰীৰ বিভিন্ন ঠাই নগৰীয়া বানৰ কবলত পৰি জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ প্রশমন বাহিনীয়ে ৰূক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি ভালেমান অঞ্চলত জনসাধাৰণৰ যাতায়াতৰ বাবে ৰবৰৰ নাৱৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত খাৰঘূলিৰ চিত্ৰাচল পথত ভূমিস্খলন হয়। পাহাৰৰ ওপৰৰ পৰা খহি পৰা মাটিয়ে এটা ঘৰৰ আধা অংশ পুতি পেলায়। মহানগৰীৰ জ্যোতিনগৰৰ আকাশীপথত থকা এটা বিদ্যুতৰ খুঁটা উভালি পৰে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যিকোনো সহায়ৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুটা নম্বৰ মুকলি কৰিছে। ০৩৬১-১০৭৭ আৰু ৯৩৬৫৪২৯৩১৪ এই দুটা টোলফ্ৰী নম্বৰত কোনো সমস্যাৰ বাবে ৰাইজে ফোন কৰিব পাৰিব। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তিনি-চাৰিফুট পর্যন্ত পানী বাগৰাৰ ফলত উজনি আৰু নামনি অসমৰ মাজত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। প্ৰৱল বৃষ্টিপাতৰ ফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ কেইবাটাও অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে। বিশেষকৈ মধুপুৰ, অভয়পুৰ, কটাহবজাৰ, ৰহঞ্চলা আৰু কলবাৰীত কৃত্রিম বানৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ ফেৰী সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে ।
আমাৰ হাইলাকান্দি, শ্রীভূমি, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু হোজাইৰ সংবাদদাতাসকলে জনোৱা মতে ধাৰাসাৰ বৰষুণৰ ফলত জিলাকেইখনৰ স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ প্ৰধান উপ-নৈ সমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়িবলৈ লোৱাত নৈপৰীয়া জনসাধাৰণ শংকিত হৈ পৰিছে। কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা প্ৰবল বৰষুণৰ ফলত শিলচৰনগৰৰ কেইবাটাও অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হয়।
Site Admin | May 30, 2025 8:13 PM | Assam Rain
ৰাজ্যত প্ৰৱল বৰষুণৰ ফলত বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত
