ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কমেও ২৪জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত ১৯, গোলাঘাট আৰু দৰঙত ১৮ জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।
ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জিলাখনত এইপর্যন্ত তিনিজন ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ১৯ জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ৭ জনৰ শৰীৰত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। আক্রান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়ত পর্যাপ্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু গুৰুতৰভাৱে আক্রান্ত ৰোগীসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ১৯ লৈ বৃদ্ধি পাইছে। শোণিতপুৰ জিলাতো এই ৰোগে গুৰতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ জিলাখনত এটি শিশুসহ দুগৰাকী লোকৰ মৃত্যু হৈছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ফ’গিং কৰাৰ লগতে আঁঠুৱা ঔষধিকৰণ আৰু সজাগতামূলক কাৰ্যমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।
দেশৰ ভিতৰতে অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক বুলিও সংশ্লিষ্ট বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা ৭ বছৰত অৰ্থাৎ ২০১৮ বা ২০২৪ চনলৈ ৰাজ্যখনত ৩ হাজাৰ ৩৪০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৫২৯ জনৰ মৃত্যু হৈছে।
Site Admin | July 15, 2025 8:51 PM | Japanese Encephalitis
ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত কমেও ২৪জন লোকৰ মৃত্যু
