April 22, 2024 8:11 PM | 2nd phase election

printer

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন হ’ব। আনহাতে তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ বাবেও ব্যাপক প্ৰচাৰ অব্যাহত আছে। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এৰ প্রার্থী দিলীপ শ‍ইকীয়াৰ সমৰ্থনত আজি মন্ত্ৰী অশোক সিংঘালে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তামুলপুৰ বিধানসভা সমষ্টিৰ চাৰিটা স্থানত প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰী সিংঘালে প্রার্থীগৰাকীক জয়ী কৰাবলৈ আহ্বান জনায়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োয়েও এই কার্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ কাইলৈ বিজেপিব জ্যেষ্ঠ নেতা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত প্ৰচাৰ চলাব। ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি ক্ষেত্ৰী গাঁও পঞ্চায়ত আৰু ধুপগুৰি গাঁও পঞ্চায়তত প্ৰচাৰ চলোৱাৰ উপৰি বিয়লিৰ ভাগত সোণাপুৰ মণ্ডলত আয়োজিত এটা সমদলত অংশ লয়। বিজেপি নেতা তথা মন্ত্ৰী বনজিত কুমাৰ দাসে আজি বৰপেটা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বজালীৰ চাউলীয়াবতি প্ৰচাৰ চলায়। একেদৰে সমষ্টিটোৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চব প্রার্থী মীৰা বৰঠাকুৰে আজি বিয়লি চানমাৰিৰ ক’লনি খেলপথাৰত এখন প্ৰচাৰ সভাত অংশ লৈ শাসকীয় বিজেপিক সমালোচনা কবে। এই কার্যসূচীত কংগ্ৰেছৰ দলৰ ৰাষ্ট্ৰীয় নেত্রী সুপ্রিয়া শ্রীনেট আৰু মহিমা সিং উপস্থিত থাকে। নগাঁও সমষ্টিৰ অন্তৰ্গত মৰিগাওঁ জিলাৰ ভূৰবন্ধাত আজি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী সভাত অংশ লয়।