ডাউনলোড
মোবাইল এপ

android apple
signal

May 3, 2025 7:17 PM

printer

৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ

৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ চলি আছে। শাসকীয় বিজেপিৰ লগতে মিত্ৰদল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আজাৰা-ধাৰাপুৰ, গৰল আৰু নগাঁৱত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰোৱাৰ বাবে এন ডি এ চৰকাৰে চলাই অহা প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে। নগাঁৱত আয়োজিত প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্তৰ লগতে ভালেসংখ্যক নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই আজি জাগীৰোড সমষ্টিৰ ঔজাৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভালসংখ্যক দলীয় নেতা-কর্মী উপস্থিত থাকে। দলৰ সভাপতিগৰাকীয়ে আজি মন্ত্ৰী হাজৰিকাৰ সৈতে মায়ং আঞ্চলিক ক্রীড়া সন্থাৰ খেলপথাৰত আন এখন নিৰ্বাচনী সভাত অংশ লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দক্ষিণ কামৰূপৰ ৰঙামাটিত প্ৰচাৰ চলায়। আবেলি তেওঁ বিলাসীপাৰাৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰচাৰ সভাত অংশ ল’ব ।
কংগ্ৰেছ দলৰ হৈ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, দলৰ নেত্ৰী মীৰা বৰঠাকুৰকে ধৰি নেতাসকলে প্ৰচাৰ চলাই আছে। একেদৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও প্ৰচাৰ অব্যাহত ৰাখিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে আজি নলবাৰীৰ পশ্চিম বভাগ জিলা পৰিষদৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়৷

অধিক পঢ়ক

সকলো চাওক