৭ মে’ত কামৰূপ জিলাত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নির্বাচনী প্ৰচাৰ আৰম্ভ

অহা ৭ মে’ত কামৰূপ জিলাত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি, অগপ আৰু ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে একেলগে এই নির্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলে সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, হাজো-শুৱালকুছিৰ সুমন হৰিপ্ৰিয়াই দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ দলেও জিলাখনত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। ইতিমধ্যে জিলাখনৰ ৬টা জিলা পৰিষদ আৰু ৪৩টা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গোৱালপাৰা জিলাত পঞ্চায়ত নির্বাচন সন্দৰ্ভত প্রশাসনে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলক লৈ কালি এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে বিষয়াসকলক নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সক্রিয়ভাৱে কাম কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।