কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৫ দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত কালি ন’ৰ’ৱেত উপস্থিত হৈছে। ন’ৰ’ৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দিব। জাপান আৰু ন’ৰ’ৱেৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ সৈতে তেওঁ বৈঠকত মিলিত হ’ব। ইয়াৰ পাছত তেওঁ ডেনমার্ক ভ্ৰমণ কৰিব।
Assamese | June 2, 2025 10:42 AM | Akashvani Guwahati | Akashvani News | Sarbananda Sonowal
৫ দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত ন’ৰ’ৱেত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল