জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ’ৰ নেতৃত্বত দেশখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো আজি ৩ দিনীয়া ভ্ৰমণ সামৰি অসমৰ পৰা উভতি গৈছে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্রী নন্দিতা গালোচাৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলে বৰঝাৰৰ লোকপ্রীয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় ম্ভাষণ জনায়।
দলটোৱে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযূষ হাজৰিকা আৰু বিমল বৰাৰ উপস্থিতিত দলটোৱে প্ৰকল্পস্থলীৰ বিভিন্ন দিশৰ বুজ লয়। অধ্যক্ষগৰাকীৰ নেতৃত্বত জাপানৰ প্ৰতিনিধি দলটোৱে এই প্রকল্প পৰিদৰ্শন কৰি উৎসাহিত হোৱাৰ লগতে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰে। দলটোৰ এই ভ্রমণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্রীয়ে ৰাজ্যখনলৈ এনেদৰে বিদেশী প্ৰতিনিধিৰ সঘনে আগমন হোৱাটো শুভ লক্ষণ বুলি মন্তব্য কৰে।
ইয়াৰ আগেয়ে জাপানৰ দলটোৱে আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। তেওঁলোকে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰু জাপান চৰকাৰৰ উদ্যোগত শীঘ্ৰেই যুৱক-যুৱতীসকলক জাপানী ভাষাৰ লগতে বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মত পোষণ কৰে। জাপানৰ নিম্ন সদনৰ অধ্যক্ষগৰাকীয়ে কেন্দ্ৰটো পৰিদৰ্শন কৰি কয়, যে তথ্য-প্রযুক্তি তথা মানৱ সম্পদেৰে ভাৰত সমৃদ্ধিশালী। জাপানত প্ৰতিষ্ঠিত হ’বলৈ বিচৰা মানৱ সম্পদক উনি যোগাবলৈ দেশখন আগ্রহী বুলি তেওঁ উল্লেখ কৰে। তদুপৰি আন্তঃগাঁথনি, নির্মাণ, শিক্ষা, অর্থনীতি তথা ৰাজনৈতিক ক্ষেত্রতো গণতান্ত্রিক দেশ দুখনে সহযোগিতাৰে কাম কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।
Site Admin | May 5, 2025 6:33 PM | Akashvani Guwahati | Akashvani News | nandita garlocha
৩ দিনীয়া ভ্ৰমণ সামৰি জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো অসমৰ পৰা উভতি গৈছে
