ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম

● খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পঞ্চম সংস্কৰণ চলিত বৰ্ষৰ ২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ৰাজস্থানৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব। এই চহৰকেইখন হৈছে জয়পুৰ, আজমেৰ, উদয়পুৰ, যোধপুৰ, বিকানেৰ, কোটা আৰু ভাৰতপুৰ।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই যুৱ প্ৰতিভাৰ বিকাশ আৰু ভাৰতৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ক্রীড়া প্রতিযোগিতাৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ জৰিয়তে খেলো ইণ্ডিয়া পদক্ষেপে অংশগ্রহণ, প্রতিভা বিকাশ আৰু উৎকৰ্ষতাৰ প্ৰসাৰ ঘটাই এক শক্তিশালী ক্রীড়া পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিছে।
১২ দিনীয়া এই প্রতিযোগিতাখনত ৫ হাজাৰৰো অধিক খেলুৱৈয়ে পদক জয়ৰ বাবে ২৩ বিধ খেলত আৰু খো-খো খেলৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব। এই বছৰ প্ৰতিযোগিতাখনত নতুনকৈ অন্তৰ্ভুক্ত খেলৰ ভিতৰত আছে বিচ ভলীবল, কেনইং আৰু কায়াকিং আৰু চাইক্লিং। প্ৰতিযোগিতাৰ অন্তিম সংস্কৰণত চণ্ডীগড় বিশ্ববিদ্যালয়ে শ্রেষ্ঠত্ব অর্জন কৰিছিল ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।