২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ মেঘালয়ৰ পৰা শিলচৰলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰ পৰা শিলচৰৰ ওচৰৰ পাঁচগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে এই প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন সাধন কৰিব। মন্ত্রীগৰাকীয়ে কয় যে এই পথটোৰ দৈর্ঘ্য ১৬৬ কিলোমিটাৰৰো অধিক হ’ব আৰু পথটোৱে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু বৰাক উপত্যকাৰ সৈতে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব। আন্তঃগাঁথনি উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৱে গুৱাহাটী, শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃচহৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব আৰু ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব। কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত এই প্ৰকল্পটোৱে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ আর্থ-সামাজিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্বিলং আৰু শিলচৰৰ মাজত কৰিড’ৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শলাগ লৈছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীবৈষ্ণৱে লগতে চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱর্তে লোকপিয়লত জাতিগত গণনা অন্তর্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থ-সামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ প্ৰগতি অব্যাহত থাকিব বুলি শ্রীবৈষ্ণৱে উল্লেখ কৰে।