অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২০২৫-২৬ বৰ্ষৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য বৃদ্ধিৰ অনুমোদন জনাইছে। কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ নিশ্চিতি প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই মূল্য বৃদ্ধি কৰাৰ কথা আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ক’লা চাউলৰ বাবে প্ৰতি কুইণ্টলত সৰ্বাধিক ৪২০ টকা, ৰাগীত ৫৯৬ টকা, কপাহত ৫৮৯ টকা আৰু তিলত ৫৭৯ টকা ধাৰ্য কৰাৰ পৰামৰ্শ প্ৰদান কৰে।
কেবিনেটে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ বাবে ৩ হাজাৰ ৩৯৯ কোটি টকা ব্যয় সাপেক্ষ ভাৰতীয় ৰেলৱেৰ দুটা ৰেলপথক দুশৰীয়া কৰাৰ প্ৰকল্পটো অনুমোদন জনায়। এই পদক্ষেপসমূহে ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ লগতে লজিষ্টিক ব্যয় তথা তেলৰ আমদানি হ্ৰাস কৰিব আৰু কাৰ্বন ডাই অক্সাইড নির্গমন হ্রাস হোৱাতো অৰিহণা যোগাব।
অর্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয়ে অন্ধ্ৰপ্ৰদেশৰ ৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি লেনযুক্ত বড়ভেল নেল’ৰ কৰিড’ৰ নির্মাণটো অনুমোদন জনাইছে। এই কৰিডৰে অন্ধ্ৰপ্ৰদেশৰ ৩ টা গুৰুত্বপূৰ্ণ ন’ড-বিশাখাপট্টনম-চেন্নাই উদ্যোগিক কৰ্ডিৰৰ কপার্থি ন’ড, হায়দাবাদ-বেংগালুৰু উদ্যোগিক কৰিডৰৰ অ’ভাকাল ন’ড, চেন্নাই-বেংগালুৰুৰ উদ্যোগিক কৰিড’ৰৰ কৃষ্ণাপটনাম নডলৈ সংযোগ প্ৰদান কৰিব।
কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে পৰিৱৰ্তিত সূদ সাহায্য আঁচনিৰ অধীনত সূদ সাহায্যত আই এছ উপাদান অব্যাহত ৰখাৰ ক্ষেত্ৰতো অনুমোদন জনোৱাৰ লগতে প্ৰয়োজনীয় পুঁজি ব্যৱস্থাপনাত অনুমোদন জনাইছে। পূর্বতে কৃষকসকলে কিষাণ ক্রেডিট কাৰ্ডৰ জৰিয়তে ৭ শতাংশ ৰাজ সাহায্যযুক্ত সূদৰ হাৰত ৩ লাখ পর্যন্ত হ্ৰস্বম্যাদি ঋণ লাভ কৰিছিল। তৎকালিনভাবে ঋণ পৰিশোধ কৰা কৃষকসকলক ঋণ পৰিশোধৰ হাৰ ৩ শতাংশ হ্ৰাস কৰি ৪ শতাংশ হাৰত ঋণ পৰিশোধ কৰাৰ সুযোগ প্ৰদান কৰা হ’ব। কেৱল পশু পালন আৰু মীন পালনৰ বাবে কৃষকসকলে ২ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব।
Site Admin | May 28, 2025 9:24 PM | Union Cabinet Decision
২০২৫-২৬ বৰ্ষৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য বৃদ্ধিত কেবিনেট কমিটীৰ অনুমোদন
