ডাউনলোড
মোবাইল এপ

android apple
signal

১০ অক্টোবৰত ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি সমাবেশ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত অহা ১০ অক্টোবৰত পুনৰ বৃহৎ নিযুক্তি সমাবেশ অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে জনায়, যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি মেলাত ৰাজ্য চৰকাৰে স্নাতকোত্তৰ শিক্ষক, স্বাস্থ্য বিভাগ, অসম আৰক্ষী, এ ডি আৰ ই পৰীক্ষাত উত্তীৰ্ণ সকলো প্ৰাৰ্থীকে একেলগে নিযুক্তিপত্র প্রদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে অহা ১০ জুনত এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। তৃতীয় বৰ্গৰ এই প্ৰাৰ্থীসকলে কম্পিউটাৰ, ষ্টেনোগ্ৰাফাৰ, গাড়ীচালক পদৰ বাবে নিৰ্ধাৰিত পৰীক্ষা দিব লাগিব। আনহাতে, চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলেও মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বুজাবুজিৰে আজি যৌথ বদলিৰ আদেশপত্ৰ বিতৰণ কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত বিয়লি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব। এই পাৰস্পৰিক বদলি প্ৰক্ৰিয়াৰ জৰিয়তে ৯৪০০ গৰাকী কৰ্মচাৰী উপকৃত হ’ব। তদুপৰি আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰ্টেলৰ উদ্বোধন কৰা হ’ব। গৱেষক ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী যাত্ৰাত অনুপ্ৰেৰণা যোগোৱাৰ বাবে আর্থিক সাহায্য প্রদান, ৰাজ্যত শৈক্ষিক উৎকৰ্ষতা আৰু উদ্ভাৱনৰ প্ৰসাৰ, দিব্যাংগসকলক গৱেষণাৰ ক্ষেত্ৰত উৎসাহিত কৰাই এই আঁচনিখনৰ উদ্দেশ্য। এই আঁচনিৰ জৰিয়তে যিসকল গৱেষকে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেওঁলোকক ২৫ হাজাৰ টকা আৰু দিব্যাংগসকলক ৪০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক