ডাউনলোড
মোবাইল এপ

android apple
signal

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন সেৱক, লেখক সম্পাদক হিচাপে সক্রিয়ভাৱে কাৰ্যনিৰ্বাহ কৰা লা গণেশনে তামিলনাডুৰ সামাজিক অস্থিৰতাৰ সময়ছোৱাত সাম্প্রদায়িক সম্প্রীতি পুনৰুদ্ধাৰৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। উচ্চ সদনে আজি তেওঁৰ বিয়োগত শ্রদ্ধা জনাই মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছতে উপ-সভাপতিগৰাকীয়ে কয়, যে তেওঁ বিহাৰৰ ভোটদাতা তালিকাৰ বিশেষ সংশোধনীকে ধৰি কেইবাটাও বিষয় লৈ ১৯ খন সদন স্থগিত কৰণৰ আবেদন লাভ কৰিছে। এই আবেদনসমূহ নাকচ কৰা হৈছে বুলি উল্লেখ কৰাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে শ্ল’গান দি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে । ইয়াৰ মাজতে উপ-সভাপতিগৰাকীয়ে শূন্যকাল চলাই নিয়াৰ চেষ্টা চলাই যদিও একেধৰণৰ পৰিস্থিতি অব্যাহত থকাত ৰাজ্যসভাৰ কাম-কাজ বিয়লি দুই বজালৈ স্থগিত ৰাখিবলগীয়া হয়।

লোকসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ ১২ বজাত সদন প্ৰথমবাৰৰ বাবে মিলিত হোৱাৰ পাছত বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ূষ গোৱেলে জনবিশ্বাস, ব্যৱস্থাৱলী সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে জীৱন ধাৰণ আৰু ব্যৱসায় পৰিচালনাত সূচল হোৱাকৈ আস্থা নিৰ্ভৰ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। সদনে ইয়াৰ পাছতে এই বিধেয়কখন সদনৰ বিশেষ সমিতিলৈ পৰৱৰ্তী পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিবলৈ প্ৰস্তাৱ গৃহীত কৰে। এই সমিতিখনে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ প্ৰথম দিনটোতে প্রতিবেদন দাখিল কৰে। শিক্ষামন্ত্ৰী ধর্মেন্দ্র প্রধানে আজি লোকসভাত ভাৰতীয় প্ৰতিষ্ঠান সংশোধনী বিধেয়ক, ২০২৫ উত্থাপন কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে এই বিধেয়কসমূহ উত্থাপন কৰা হয়, যদিও পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাত অধ্যক্ষই দিনৰ ২ বজালৈ সদন স্থগিত ঘোষণা কৰে। ইয়াৰ আগেয়ে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিবাদকাৰীৰ সদস্যসকলক সাৱধান কৰি দি কয়, যে প্ৰতিবাদৰ নামত চৰকাৰী সা-সম্পত্তি নষ্ট কৰিলে তেওঁলোকৰ বিপক্ষে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দেশৰ জনসাধাৰণে তেওঁলোকৰ কল্যাণমূলক বিষয়সমূহ উত্থাপন কৰাৰ বাবে সংসদৰ সদস্যসকলক নির্বাচিত কৰিছে যদিও সদস্যসকলে সদনৰ কাম-কাজত ব্যাঘাত জন্মাই এই উদ্দেশ্য বিঘ্নিত কৰিছে বুলি অধ্যক্ষই মত প্ৰকাশ কৰে। অধ্যক্ষৰ বাৰম্বাৰ আহ্বানৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদন দিনৰ ১২ বজালৈ স্থগিত ৰখা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।