ডাউনলোড
মোবাইল এপ

android apple
signal

February 6, 2025 6:45 PM | Naat Samaroh

printer

সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ

বজালী জিলাৰ সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ’ব। সমাৰোহত নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শংকৰ গুৰু আমাৰে’, মৃণ্ময় ভূঞাৰ ‘দ্রোণাচার্য শ্ৰী গুৰুৱে নমঃ’, অৰ্ঘ দে’ৰ বাংলা ভাষাত ৰচিত নাট ‘যত্নে ৰেখো’, হবিব তনবিৰৰ ‘চৰণ দাস চোৰ’ আৰু সুধাংশু ফিদোছৰ হিন্দী ভাষাত ৰচিত ‘কথা নাট’ মঞ্চস্থ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক