ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই আজি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সন্ধিয়া একেধৰণৰ আন এখন বৈঠকত অধ্যক্ষতা কৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰকাশ কৰা অনুসৰি এটিএম, নগদ ধন জমা কৰা আৰু ধন উলিওৱা মেচিন তথা সকলোধৰণৰ ডিজিটেল সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে আৰু জনসাধাৰণৰ বাবে এই সেৱা উপলব্ধ হৈ আছে। বেংকসমূহে অপ্রমাণিত তথ্যৰ ওপৰত ভৰষা নকৰিবলৈ গ্ৰাহকসকলক আহ্বান জনাইছে। আনহাতে ইণ্ডিয়ান অইল কৰ্পৰেচনে সমগ্ৰ দেশতে পর্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি আশ্বাস দিছে। সংস্থাটোৱে লগতে জনসাধাৰণক অপ্রয়োজনীয়ভাৱে ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।