ডাউনলোড
মোবাইল এপ

android apple
signal

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। এনে প্ৰচাৰৰ অংশ হিচাপে আজি আমি ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ ৰূপান্তৰ সম্পৰ্কে আলোকপাত কৰিবলৈ লৈছে।
দেশত বিগত দশকত সৰ্বাত্মক আৰু সংহত দৃষ্টিভংগীৰে অভূতপূৰ্ব আন্তঃগাঁথনিৰ উন্নয়ন হৈছে। এই সময়ছোৱাত দৈনিক নিৰ্মাণ কৰা ঘাইপথৰ গড় হাৰ ৩৪ কিলোমিটাৰৰ সৰ্বকালৰ সৰ্বাধিক পৰ্যায় পাইছেগৈ। এই হাৰ ২০১৪ চনৰ তুলনাত প্ৰায় ৩ গুণ অধিক। ভাৰতমালা প্ৰকল্পৰ অধীনত অর্থনৈতিক কৰিডৰ বিকশাই তোলা আৰু পৰিবহণ ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে ২০ হাজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ কৰা হৈছে। গ্ৰামাঞ্চলৰ যোগাযোগো ৯৯ শতাংশলৈ উন্নীত হৈছে আৰু প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ২০১৪ চনৰে পৰা ৭ লাখ ৮০ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে। যোৱা দশকত ৰে’ল খণ্ডৰ সামর্থ্য বৃদ্ধি পাইছে। এই সময়ছোৱাত ৪৫ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণ কৰা হৈছে আৰু ৩৩৩ খন জিলাক সামৰি ৬৮ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী চলোৱা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১,৩০০ ৰো অধিক ৰে’ল ষ্টেচনৰ আধুনিকীকৰণ কৰা হৈছে। একেদৰে উড়ান আঁচনিৰ অধীনত ৮৮ টা বিমান বন্দৰ পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে।
এই প্রচেষ্টাসমূহে উৎপাদন বৃদ্ধি আৰু যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ভেটি স্থাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক