ডাউনলোড
মোবাইল এপ

android apple
signal

সিন্দুৰ অভিযান সন্দৰ্ভত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সংবাদমেল

পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ চলাই ভাৰতে সিন্দুৰ অভিযান আৰম্ভ কৰিছিল যদিও পাকিস্তানৰ আক্রোশমূলক প্রত্যাক্রমণৰ উচিত প্ৰত্যুত্তৰ হিচাপে এই অভিযান অব্যাহত ৰাখিব। প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে আজি আয়োজন কৰা এখন সংবাদমেলত বিদেশ সচিব বিক্রম মিশ্রীয়ে এই বিষয়ে প্ৰকাশ কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে ভাৰতে সংযতভাৱে চলোৱা এই আক্ৰমণত কোনো অসামৰিক লোক নাইবা সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা নাছিল যদিও পাকিস্তানে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত ১৬গৰাকী নিৰীহ ভাৰতীয়ৰ ওপৰত আক্ৰমণ চলাই নিহত কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে পাকিস্তানৰ লাহোৰত থকা প্ৰতিৰক্ষা প্ৰণালীৰ ওপৰত আক্ৰমণ কৰি ধ্বংস কৰিছে বুলি বিদেশ সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে যুদ্ধৰ উত্তেজনা সৃষ্টিৰ পৰিৱৰ্তে কেৱল সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কঠোৰ প্ৰত্যুত্তৰ দিছিল। কোনো সন্ত্ৰাসবাদী দেশখনত নাই বুলি পাকিস্তানে দীৰ্ঘদিন ধৰি কৰি অহা দাবী নস্যাৎ কৰি সীমান্তত ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। তদুপৰি পাকিস্তানৰ নীলম আৰু ঝেলাম প্ৰকল্পত ভাৰতে আক্ৰমণ কৰা বুলি তোলা অভিযোগ সম্পূৰ্ণ মনে সজা আৰু ভিত্তিহীন বুলি শ্রীমিশ্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে ধৈয় আৰু সহনশীলতাৰে ৬৫ বছৰ ধৰি সিন্ধু জল চুক্তি মানি আহিছিল যদিও পাকিস্তানৰ বৰ্বৰ কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত এই চুক্তি ভংগ কৰিবলৈ বাধ্য হৈছে। সমগ্ৰ বিশ্বৰ সকলো ধৰ্মৰ লোকে এই আক্রমণক একেমুখে গৰিহণা দিছে বুলিও তেওঁ উল্লেখ কৰে। এই সংবাদ মেলত কর্ণেল ছ’ফিয়া কুৰেছী আৰু উইং কামাণ্ডাৰ ব্যোমিকা সিঙে ভাৰতৰ সুৰক্ষা বাহিনীয়ে পাকিস্তানক দিয়া যোগ্য প্ৰত্যুত্তৰ সম্পৰ্কে অৱগত কৰে।

অধিক পঢ়ক

সকলো চাওক