ডাউনলোড
মোবাইল এপ

android apple
signal

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱাৰ সময়সূচীৰ সালসলনি

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰতিঘণ্টাই প্ৰচাৰিত ইংৰাজী আৰু হিন্দী বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ মহাবাহু শাখাত এই বাতৰিসমূহ ৰীলে কৰাৰ বাবে আমাৰ কেন্দ্ৰৰ কেইবাখনো আঞ্চলিক বাতৰিৰ সময়সূচীৰ কেতবোৰ সাল সলনি ঘটোৱা হৈছে। সেই অনুসৰি পুৱা ৯ বজাত প্ৰচাৰিত হবলগীয়া পুৱাৰ আঞ্চলিক বাতৰি কাইলৈৰ পৰা ৯ বাজি ২০ মিনিটৰ পৰা প্ৰচাৰিত হব। আজিৰে পৰা নিশাৰ আঞ্চলিক বাতৰি ৯ বাজি ২৫ মিনিটৰ পৰিৱৰ্তে নিশা ১০ বজাত প্ৰচাৰিত হব। আকাশবাণী গুৱাহাটীৰ মুখ্য বাতৰিৰ সময়ৰো সাল সলনি ঘটোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক