নির্বাচন আয়োগে কৈছে যে, শেহতীয়া সাধাৰণ নিৰ্বাচনত মুঠ ৬৫.৭৯ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিছে। লাক্ষাদ্বীপত সৰ্বাধিক ৮৪.১৬ শতাংশ ভোটদান হৈছে। ভোটদানৰ ক্ষেত্ৰত ৮১.৫৬ শতাংশ ভোটদানেৰে অসম দ্বিতীয় আৰু ৮০.৯৩ শতাংশ ভোটদানেৰে ত্ৰিপুৰা তৃতীয় স্থানত আছে। উত্তৰ প্ৰদেশত ৫৬.৯২ শতাংশ হোৱাৰ বিপৰীতে বিহাৰত সকলোতকৈ কম ভোটদান হৈছে। বিহাৰত ভোটদানৰ হাৰ হৈছে ৫৬.১৯ শতাংশ। আয়োগে জনোৱা মতে সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ৬৩.৮৮ শতাংশ ভোটদান হয়।
Site Admin | June 7, 2024 11:38 AM | ECI Declaration
সাধাৰণ নিৰ্বাচনত মুঠ ৬৫.৭৯ শতাংশ ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত
