ডাউনলোড
মোবাইল এপ

android apple
signal

সাংসদ সুপ্রিয়া সুলেৰ নেতৃত্বত ভাৰতৰ সৰ্বদলীয় সংসদীয় দলৰ কাটাৰৰ চৰকাৰী ভ্ৰমণৰ সামৰণি

সাংসদ সুপ্রিয়া সুলেৰ নেতৃত্বত ভাৰতৰ এটা সৰ্বদলীয় সংসদীয় দলে কাটাৰৰ চৰকাৰী ভ্ৰমণৰ সামৰণি মাৰিছে। পেহেলগামত ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে দিয়া প্ৰত্যুত্তৰৰ পাছত কেইবাটাও সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিছে। সাংসদ সুলেৰ নেতৃত্বত দলটোৱে ৪ খন দেশ ভ্ৰমণ কৰিব আৰু প্ৰথম পৰ্যায়ত কাটাৰ ভ্ৰমণ সম্পূৰ্ণ কৰিছে। এই দুদিনীয়া ভ্ৰমণ কালত প্ৰতিনিধি দলটোৱে কাটাৰৰ বিদেশ ৰাজ্যমন্ত্রী ড° মহম্মদ বিন আব্দুলাজিজ বিন চালেহ অল খুলাইফি, অভ্যন্তৰীণ পৰিক্ৰমা ৰাজ্যমন্ত্রী শ্বেইখ এ আব্দুলাজিজ বিন ফৈচল বিন মহম্মদ অল থানি আৰু সংসদ শুড়া কাউন্সিলৰ উপাধ্যক্ষ ড° হামদা বিণ্ট হাছান অল ছুলাইটিকে ধৰি অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গৰে আলোচনাত মিলিত হয়। প্রতিনিধি দলটোৱে গোলকীয় পৰিক্ৰমা বিষয়ক মধ্যপ্রাচ্য পৰিষদৰ কাৰ্টাৰৰ প্ৰতিনিধি আৰু একাংশ চিন্তাবিদৰ সৈতেও মত বিনিময় কৰে। দলটোৱে কাটাৰৰ আগশাৰীৰ দৈনিক কাকত ‘অল ছাৰ্ক’ আৰু ‘পেনিনছুলা’কে ধৰি একাংশ সংবাদ মাধ্যমৰ সাংবাদিকৰ সৈতেও কথা পাতে। কাটাৰত থকা ভাৰতীয়সকলৰ একাংশকো দলটোৱে সাক্ষাৎ কৰে। প্ৰতিখন বৈঠকতে প্রতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ প্ৰতি নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তা দিয়ে আৰু পেহেলগাম আক্ৰমণকে ধৰি তাৰ পৰৱৰ্তী ঘটনাৱলীৰ খতিয়ান দিয়ে। অপাৰেচন সিন্দূৰৰ সাফল্যক তুলি ধৰি তেওঁলোকে কয়, যে এই অভিযানৰ জৰিয়তে সেনা বাহিনীয়ে সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদীৰ ঘাটিক উচ্ছেদ কৰিবলৈ সমৰ্থ হ’ল। সীমান্তৰ সিপাৰৰ পৰা চলি অহা সন্ত্ৰাসবাদৰ পৰিকাঠামো ধ্বংস কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দি দলটোৱে সন্ত্ৰাসবাদী গোট আৰু তেওঁলোকৰ পৃষ্ঠপোষকৰ মাজত থকা সম্বন্ধ ধ্বংস কৰি দিয়াৰো পোষকতা কৰে ।কাটাৰেও চৰকাৰীভাৱে পেহেলগামৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি সন্ত্রাসবাদৰ বিৰুদ্ধে থকা দেশখনৰ শূন্য সহনশীলতাৰ বিষয়ে জানিবলৈ দিয়ে। ভাৰতীয় দলটোৱে সমৰ্থনৰ বাবে কাটাৰক কৃতজ্ঞতা জনায় আৰু এই ঘটনাৰ পিছদিনা অর্থাৎ ২৩ এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা দি কাটাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া বিবৃতিৰ উল্লেখ কৰে। সৰ্বদলীয় দলটোৰ ভ্ৰমণৰ পূৰ্বে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ অল থানি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মে’ত টেলিফোনযোগে কথা পাতিছিল। তদুপৰি ৭ মে’ত কাটাৰৰ প্রধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্বেইখ মহম্মদ বিন জাছিম অল থানিয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতে টেলিফোনযোগে আলোচনাত মিলিত হৈছিল।কাটাৰৰ ৰাজধানী ড’হাত প্ৰতিনিধিৰ দলটোৱে সংবাদ মাধ্যমৰ মুখামুখি হৈ এই দুদিনীয়া ভ্ৰমণৰ বিষয়ে চমু খতিয়ান দিয়ে। প্ৰতিনিধিৰ দলটোত সাংসদ সুপ্রিয়া সুলেৰ উপৰি সাংসদ ক্ৰমে – ৰাজীৱ প্ৰতাপ ৰোডী, বিক্রমজিৎ সিং ছেহনি, মণিষ তেৱাৰী, অনুৰাগ সিং ঠাকুৰ আৰু লাভু শ্ৰীকৃষ্ণ দেভাৰায়ালু অন্তৰ্ভুক্ত হৈছে। দলটোত প্রাক্তন উদ্যোগ-বাণিজ্য মন্ত্রী আনন্দ শর্মা, প্রাক্তন বিদেশ ৰাজ্য মন্ত্ৰী ভি মুৰলীধৰণ আৰু ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন স্থায়ী প্রতিনিধি চৈয়দ আকবউদ্দিনো আছে। দলটো আজি ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হ’ব।

অধিক পঢ়ক

সকলো চাওক