সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ জামিন মঞ্জুৰ

গুৱাহাটীত কালি গ্ৰেপ্তাৰ কৰা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে। সাংবাদিকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১১০/২৫ আৰু ১১১/২৫ ধাৰাত ৰুজু কৰা দুটা গোচৰৰ জামিন আবেদনৰ বিপক্ষে চৰকাৰী পক্ষই আগবঢ়োৱা যুক্তি পতিয়নযোগ্য নহয় বুলি আদালতে মত প্ৰকাশ কৰে আৰু তেওঁৰ বিৰুদ্ধে জামিন মঞ্জুৰ কৰে। অৱশ্যে জামিনৰ বাবদ ২০ হাজাৰ টকা আদায় দিব নোৱৰা হেতুকে সাংবাদিকগৰাকীয়ে আজিও পাণবজাৰ থানাতে কটাবলগীয়া হ’ব। ইয়াৰ আগতে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি দিনৰ ভাগত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্রতিবাদ সাব্যস্ত কৰে। কেইবাগৰাকীও সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিককে ধৰি সংবাদ মাধ্যমৰ সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়। সাংবাদিকসকলে প্রতিবাদী সমদল উলিয়াই পাণবজাৰ থানালৈ অগ্ৰসৰ হোৱাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে আৰু সাংবাদিকৰ সৈতে আৰক্ষীৰ কথা কটাকটি হয়। পাছত সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাবত এখন প্রতিবাদী সভাত মিলিত হৈ এই গ্ৰেপ্তাৰ কাৰ্যক সম্পূর্ণ অযুক্তিকৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ বুলি অভিযোগ কৰে আৰু সাংবাদিকগৰাকীক বিনাচৰ্তে মোকলাই দিবলৈ দাবী জনায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলেও আজি সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। গুৱাহাটী প্ৰেছ ক্লাব, প্ৰেছ কাউঞ্চিল অব্ ইণ্ডিয়া, ভাৰতীয় জাৰ্ণেলিষ্ট সংঘ, ভাৰতীয় প্ৰেছ ক্লাব, অসম বাৰ্তাজীৱী সংঘৰ লগতে বিভিন্ন দল-সংগঠনে এই ঘটনাৰ গৰিহণা দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।