সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন দিছে। ডিব্ৰুগড় জিলা প্রশাসনেও এই যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহলৈ হিতাধিকাৰীসকলক একেবাৰতে চাউল বিতৰণ কৰাৰ ব্যৱস্থা লৈছে। এই অনুসৰি হিতাধিকাৰীসকলে প্ৰতিটো মাহত লাভ কৰা চাউলৰ তথ্য পৃথকে পৃথকে প্রমাণীকৰণ কৰিব লাগিব। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জুন, জুলাই আৰু আগষ্টৰ বাবে অহা ১ জুনৰ পৰা ২০ জুনলৈ অন্নসেৱা দিন নিৰ্ধাৰণ কৰি এই সময়ছোৱাৰ ভিতৰত নিকটৱৰ্তী সুলভ মূল্যৰ এজেণ্টৰ পৰা নিজৰ চাউলসমূহ সংগ্ৰহ কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে।
Site Admin | May 26, 2025 8:14 PM | Akashvani Dibrugrah | Akashvani News | pradhan mantri garib kalyan yojana
সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী তিনিমাহৰ বাবে আগতীয়াকৈ চাউল আবণ্টন
