সমগ্ৰ দেশতে আজি জনসংঘৰ প্ৰতিষ্ঠাপক তথা মহান দেশপ্রেমীক শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ড০ মুখার্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পন কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত আজি কার্যালয় সভাকক্ষত ড° শ্যামা প্রসাদ মুখার্জী জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ড° মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন তথা পুষ্পাঞ্জলি অৰ্পন কৰি জিলা আয়ুক্তগৰাকীয়ে মহান দেশপ্রেমীক গৰাকীৰ আদৰ্শ, চিন্তাধাৰা আৰু ত্যাগে ভৱিষ্যত প্ৰজন্মক দেশ সেৱাৰ প্ৰতি উৎসৰ্গিত হোৱাত অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে ।
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়ুক্ত সংহত কাৰ্যালয়ৰ সভাকক্ষত আজি মহান দেশপ্রেমীক গৰাকীৰ জন্ম দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই গছপুলি ৰোপণ কৰাৰ লগতে শ্যামা প্রসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গাম্ভীর্যপূর্ণ বৈঠক অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আজিৰে পৰা ২০২৭ বৰ্ষৰ ৬ জুলাইলৈকে দেশজুৰি আয়োজন কৰা দুবছৰীয়া কাৰ্যসূচীৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত হয়। সভাত ভাষণ দি জিলা আয়ুক্ত অংকুৰ ভড়ালীয়ে ড০ মুখাৰ্জীৰ দৰে জাতীয় বীৰসকলৰ অৱদান নৱ প্ৰজন্মক অৱগত কৰোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিলচৰত জিলা প্ৰশাসনৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত কাছাৰৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’, বিশিষ্ট কবি অতিন দাসৰ লগতে জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলে ড° মুখাৰ্জীৰ প্ৰতিকৃতিত শ্রদ্ধাঞ্জলি তৰ্পন কৰে।
Site Admin | July 6, 2025 7:12 PM | Shyamaprasad Mukharjee
সমগ্ৰ দেশতে জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন
