ডাউনলোড
মোবাইল এপ

android apple
signal

সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছেঃ জগদীপ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। সমগ্র দেশে আজি আমাৰ সশস্ত্র বাহিনীৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে। মধ্য প্ৰদেশৰ নৰসিংপুৰত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষি উদ্যোগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অপাৰেশ্বন সিন্দূৰৰ জৰিয়তে সন্ত্রাসবাদীক দিয়া শিক্ষাই সমগ্র দেশবাসীক আশ্বস্ত কৰিছে। সমগ্ৰ বিশ্বকে নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে এটা স্পষ্ট বার্তা দিলে বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। কৃষকসকলক সম্বোধন কৰি তেওঁ লগতে কয়, যে কৃষকসকলে কেৱল উৎপাদন ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি ব্যৱসায়িক দৃষ্টিভংগীৰেও বিষয়সমূহ আগুৱাই নিলেহে দেশে প্রকৃত উন্নয়ন লাভ কৰিব। বিজেপি চৰকাৰে কৃষকসকললৈ আগবঢ়োৱা ৰাজসাহায্যৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বহু কৃষকে এই সাহায্যৰ কথা প্রত্যক্ষভাৱে উপলব্ধি নকৰিব পাৰে কিন্তু চৰকাৰে যদি এই সাহায্যৰ পৰিৱৰ্তে নগদ ধন প্ৰদান কৰিলেহেতেন তেন্তে প্ৰতি বছৰে ৩০ ৰ পৰা ৩৫ হাজাৰ টকা প্ৰতিজন কৃষকে লাভ কৰিলেহেতেন।

অধিক পঢ়ক

সকলো চাওক