সপ্তদশ ব্ৰীকচ্ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, তেওঁ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা ডা চিলভাৰ সৈতে ফলদায়ক আলোচনাৰ বাবে আগ্ৰহেৰে বাট চাইছে। চতুৰ্থবাৰৰ বাবে দক্ষিণ আমেৰিকাৰ দেশখনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি চিলভাৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্রযুক্তি, কৃষি, স্বাস্থ্য, জনসম্পর্ক আদি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে আলোচনাত মিলিত হোৱাৰ আশা কৰিছে। ব্ৰাজিলত উপস্থিত হোৱাৰ পিছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰৱাসী ভাৰতীয় আৰু কৰ্মৰত ভাৰতীয়সকলে বিপুল আদৰণি জনায়। এটা মহিলাৰ দলে অপাৰেছন সিন্দুৰৰ সাফল্যৰ বাবে ভাৰতৰ সশস্ত্ৰ বাহিনীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে কথক নৃত্য পৰিবেশন কৰে। অস্ত্রা লাইট নামৰ ব্ৰাজিলৰ এটা সংগীত গোষ্ঠীয়ে মন্ত্ৰ উচ্ছাৰণ কৰাৰ লগতে এটা ভক্তিমূলক গীত পৰিবেশন কৰে। প্ৰৱাসী ভাৰতীয়সকলে পৰম্পৰাগত ভাৰতীয় পোচাক পিন্ধি ত্ৰিৰংগা পতাকা জোকাৰি ভাৰত মাতা কি জয়ধ্বনি দি শ্রীমোদীক দেশখনলৈ আদৰণি জনায়।
আজি সন্ধিয়া প্রধানমন্ত্রী মোদীয়ে ব্ৰীকচ্ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে দ্বিপাক্ষিক বৈঠকসমূহত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে আৰ্জেণ্টিনাত কালি দেশখনৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেৰ সৈতে ফলদায়ক আলোচনাত মিলিত হয়। এয়া আছিল বিগত ৫৭ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ আৰ্জেণ্টিনালৈ প্ৰথমটো দ্বিপাক্ষিক ভ্রমণ। দুয়োগৰাকী নেতাই মুখামুখিকৈ কথা পতাৰ পাছত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আলোচনাৰ অন্তত দুয়োখন দেশ ব্যৱসায় আৰু বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, স্বাস্থ্য আৰু ঔষধৰ খণ্ডত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত সহমতত উপনীত হয়। তদুপৰি দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধিতো গুৰুত্ব দিয়া হয়। প্রধানমন্ত্ৰীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্রমনৰ ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতক সমর্থন জনোৱাৰ বাবে আর্জেন্টিনাক ধন্যবাদ জনায় আৰু ৰাষ্ট্ৰপতি মিলেক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্রণ জনায়। আর্জেণ্টিনাৰ ৰাজধানী বুয়েন’ছ আয়াৰ্ছ এৰাৰ পূৰ্বে প্রধানমন্ত্রী মোদীয়ে তাত থকা মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পনেৰে শ্ৰদ্ধা জনায়।