ডাউনলোড
মোবাইল এপ

android apple
signal

May 30, 2025 7:00 PM | PM Bihar Visit

printer

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কেতিয়াও থমকি নৰয় : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ কেতিয়াও থমকি নৰয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত আয়োজিত এটা অনুষ্ঠানত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে সীমান্তৰ সিপাৰৰ পৰাই হওক অথবা দেশৰ ভিতৰভাগতেই হওক, ভাৰত সন্মুখীন হোৱা যিকোনো ভাবুকিৰ বিৰুদ্ধে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ দেশখন দৃঢ় সংকল্পবদ্ধ। অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ লগতে সমগ্ৰ বিশ্বই ভাৰতৰ জীয়ৰীসকলৰ সেন্দূৰৰ শক্তি আৰু সীমান্ত নিৰাপত্তাবাহনীৰ শৌৰ্য আৰু সাহসৰ উমান পাইছে বুলি প্ৰকাশ কৰি তেওঁ লগতে কয়, যে এয়া মাথোন আমাৰ তূণত থকা এপাত কাৰহে আছিল বুলি শত্রুপক্ষই বুজি পোৱা উচিত। সন্ত্ৰাসবাদৰ ৰূপতেই হওক অথবা নক্সালবাদৰ ৰূপতেই হওক, দেশৰ শত্ৰুৰ বিৰুদ্ধে ভাৰতে সদায় কঠোৰ স্থিতি গ্ৰহণ কৰি যাব বুলিও তেওঁ সকীয়াই দিয়ে।
কাৰাকাটত আজি পুৱা আয়োজিত এই অনুষ্ঠানটোত, ৪৮ হাজাৰ ৫২০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে বিহাৰৰ উন্নয়নৰ হকে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত তেওঁ পাঁচ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষ ২২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিখীয়া পাটনা-গয়া-ডোভি খণ্ডৰ অংশটোকে ধৰি ভালেমান প্রকল্প মুকলি কৰে।

অধিক পঢ়ক

সকলো চাওক