অসম চৰকাৰে আজি পহিলা ব’হাগৰ দিনাই সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে অধিসূচনা জাৰি কৰিছে। চৰকাৰী ভাষা আইন-১৯৬০ৰ ৭ আৰু ৩ নম্বৰ ধাৰা অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ অধীনৰ অঞ্চলৰ বাহিৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ জিলাতে আজিৰে পৰা সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। বৰাক উপত্যকাৰ ৩ খন জিলাত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বাংলা ভাষা ব্যৱহাৰ কৰা হ’ব। বড়োলেণ্ড পৰিষদীয় এলেকাত যিকোনো চৰকাৰী কামত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো আদেশ, অধিসূচনা আৰু নিৰ্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা ৩০ দিনৰ ভিতৰত অসমীয়া, বড়ো বা বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনীয় নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব। পুৰণি সকলো আইন, নীতি, বিধি, অধিসূচনা আদিও দুই বছৰৰ ভিতৰত অসমীয়া ভাষালৈ অথবা প্রয়োজন সাপেক্ষে বড়ো আৰু বাংলা ভাষালৈ অনুবাদ কৰিব লাগিব। এই অনুবাদ প্ৰক্ৰিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ’ব অৱশ্যে দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হলে অথবা আইনী বাখ্যাৰ প্ৰয়োজন হলে ইংৰাজী সংস্কৰণৰ শব্দক মান্যতা দিয়া হ’ব। আনহাতে, ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব। এইসমূহ বিষয়ৰ উপৰিও ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্ৰতিবেদন, অনুচ্ছেদ ভিত্তিক মন্তব্য, নির্দেশনা, শপতনামা, চিঠিপত্র ইত্যাদিত ইংৰাজী ভাষাৰ ব্যৱহাৰ বাহাল থাকিব। যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ বাখ্যাৰ বাবে ইংৰাজী সংস্কৰণক মূল হিচাপে ধৰা হ’ব। ইংৰাজী ভাষাৰ পৰা অসমীয়া, বাংলা আৰু বড়ো ভাষালৈ অনুবাদৰ বাবে অনুভাষিনী এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতর্কতা অৱলম্বন কৰিব লাগিব। এই অধিসূচনা আজিৰ পৰা কাৰ্যকৰী হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।
Site Admin | April 15, 2025 7:16 PM | Assam Government Circular
সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ অধিসূচনা জাৰি
