শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ পর্যালোচনা বৈঠক

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰৰ ৰাজভৱনত সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ সৈতে এখন নিৰাপত্তা পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত নর্ডান কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰ, সেনাবাহিনীৰ উপ-প্রধান লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা আৰু পঞ্চদশ ক’ৰৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্রীবাস্তৱো উপস্থিত থাকে।ইয়াৰ পূৰ্বে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শ্রীদ্বিৱেদী আজি পুৱা শ্ৰীনগৰত উপস্থিত হয়। সেনা মুৰব্বীগৰাকীক শ্ৰীনগৰৰ সেনাৰ জেনেৰেল অফিচ কমাণ্ডিঙে সুৰক্ষা ব্যৱস্থা আৰু সেই খণ্ডত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযান তথা নিয়ন্ত্ৰণৰেখাৰ সমীপত পাকিস্তানী সেনাই যুদ্ধবিৰতি ভংগ কৰাৰ বাবে চলোৱা চেষ্টাৰ বিষয়ে অৱগত কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সেনা প্রধানগৰাকী শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ পহলগামত উপস্থিত হৈছে। ইফালে, পাকিস্তানী সেনাই উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ নৌগম এলেকাৰ বিভিন্ন অংশত যুদ্ধ বিৰতি ভংগ কৰাৰ চেষ্টা চলোৱাৰ তথ্য পোৱা গৈছে। জম্মু খণ্ডৰ ৰজৌৰী আৰু পুঞ্চ এলেকাতো একেধৰণৰ চেষ্টাৰ বাতৰি পোৱা গৈছে।