ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শ্রেষ্ঠ পর্যটন গাঁও প্রতিযোগিতাত মণিপুৰৰ আন্দ্ৰো শ্রেষ্ঠ পৰ্যটন গাঁৱৰ সন্মানীয় বঁটা লাভ

মণিপুৰৰ আন্দ্ৰো গাঁৱে পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত শ্রেষ্ঠ পর্যটন গাঁও প্রতিযোগিতাৰ চলিত সংস্কৰণৰ ঐতিহ্য শাখাত অন্যতম শ্রেষ্ঠ পৰ্যটন গাঁৱৰ সন্মানীয় বঁটা লাভ কৰিছে। বিশ্ব পৰ্যটন দিৱস উদযাপনৰ সময়ত কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত মন্ত্ৰালয়ে মণিপুৰ পৰ্যটনৰ বিষয়া আৰু আন্দ্ৰো গাঁৱৰ প্ৰতিনিধিসকলক এই বঁটা প্ৰদান কৰে ৷ আন্দ্ৰো গাঁৱৰ অনন্য সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত পদ্ধতিসমূহ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ মূল কাৰক হিচাপে বিবেচিত হৈছে৷ গাঁওখনৰ মন্দিৰটোৱে অঞ্চলটোৰ চহকী সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্য প্রদৰ্শন কৰি আহিছে৷ গাঁওখনৰ অনন্য সাংস্কৃতিক ঐতিহ্যৰ ভিতৰত শতিকা পুৰণি অগ্নি পূজা অন্যতম। এই পূজাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে৷ ই স্থানীয় জনসাধাৰণৰ আয় বৃদ্ধি আৰু কৰ্মসংস্থাপন সৃষ্টিত অৰিহণা যোগাইছে। গাঁওবাসীয়ে স্থানীয় জনগোষ্ঠীসমূহক প্ৰচাৰৰ ক্ষেত্ৰত জড়িত কৰিবলৈ আৰু তেওঁলোকৰ ঐতিহ্য বজাই ৰখাৰ লগতে পৰ্যটনৰ কাৰ্য্যকলাপৰ সৈতেও জড়িত কৰিবলৈ ভালেমান কৌশল গ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।