শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়৷ শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমর্থিত প্রার্থীসকলক ভোট দিব আহ্বান জনায়।
শ্রীভূমিত আয়োজিত সংকল্প সভাখনত মন্ত্ৰী কৃষ্ণেন্দু পাল, মন্ত্ৰী কৌশিক ৰায়, বিধায়ক বিজয় মালাকাৰ, কমলাক্ষ দে পুৰকায়স্থসহ জিলা বিজেপিৰ শীৰ্ষ নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু হাইলাকান্দিতো দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নির্বাচনী প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক দলীয় সমৰ্থকসকলে বিহু নাচেৰে আদৰণি জনোৱা হয়৷ শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডা০ ৰণোজ পেগুৱে ধেমাজি জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ পঞ্চায়তত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ জীয়াধল, হাতীগড়, বাটঘৰীয়া আৰু লক্ষীপথাৰ গাঁও পঞ্চায়তত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়।