ডাউনলোড
মোবাইল এপ

android apple
signal

শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনত ২২৯১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে শিৱসাগৰ জিলাত ২মেত ভোটগ্ৰহণৰ বাবে দায়িত্ববাহী বিষয়া তথা সুৰক্ষা কৰ্মীসকল সংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰত উপস্থিত হৈছেগৈ। জিলাখনৰ বেতবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেতবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখা হৈছে। ফলস্বৰূপে কাইলৈ জিলাখনৰ চাৰিখন আঞ্চলিক পঞ্চায়ত, ১২খন জিলা পৰিষদ, ৮২খন গাঁও পঞ্চায়ত আৰু ৮২০টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। ৮৫৮টা ভোটগ্রহণ কেন্দ্ৰত এই ভোটগ্রহণ অনুষ্ঠিত হ’ব। জিলাখনত ২২৯১গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে ২১৬ গৰাকী আঞ্চলিক পঞ্চায়ত, ৩৭ গৰাকী জিলা পৰিষদ আৰু ১০৩৮ গৰাকী গাঁও পঞ্চায়ত সদস্যপদৰ প্ৰাৰ্থী। জিলাখনত ৫ লাখ ১১৫১ গৰাকী ভোটদাতা আছে।

অধিক পঢ়ক

সকলো চাওক