ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 8, 2025 8:41 PM | sibsagar tea

printer

শিৱসাগৰৰ ডিমৌ আথাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তর্জাতিক চাহৰ প্ৰদৰ্শনী-প্রতিযোগিতাত লাভ কৰিলে উচ্চ মানৰ চাহৰ স্বীকৃতি

শিৱসাগৰ জিলাৰ ডিমৌ আথাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তর্জাতিক চাহৰ প্ৰদৰ্শনী আৰু প্রতিযোগিতাত উচ্চ মানৰ চাহৰ স্বীকৃতি লাভ কৰিছে। লাছ ভেগাছৰ ৱ’ৰ্ল্ড টী এক্সপ’ৰ বিশ্বমানৰ চাহৰ প্রতিযোগিতা গ্লোৱেল টী চেম্পিয়নশ্বিপত আথাবাৰী চাহৰ ব্ৰেণ্ড আথাবাৰী পি এফে বিশেষ শ্রেণীৰ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। এই খবৰ লাভ কৰাৰ পাছতেই চাহ বাগিচাখনৰ কৰ্তৃপক্ষকে ধৰি কৰ্মচাৰীসকল উৎফুল্লিত হৈ পৰিছে। উল্লেখযোগ্য যে কলকাতাৰ লক্ষ্মী গ্ৰুপৰ দ্বাৰা পৰিচালিত আথাবাৰী চাহ বাগিচাই প্ৰায় এহেজাৰ ৪০০ অস্থায়ী কৰ্মচাৰীৰ দ্বাৰা বছৰি ছয় লাখ কেজিৰো অধিক পৰিমাণৰ উৎকৃষ্ট চাহ উৎপাদন কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।