ডাউনলোড
মোবাইল এপ

android apple
signal

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শোণিতপুৰ জিলাৰ ডুমডুমা-বৰচলা আদর্শ স্নাতক মহাবিদ্যালয় পৰিদৰ্শন

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ডুমডুমা -বৰচলা আদর্শ স্নাতক মহাবিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন স্বৰূপ এই মহাবিদ্যালয়খন চলিত শিক্ষাবৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে। এছ অ’ পি ডি আঁচনিৰ অধীনত আধুনিক শিক্ষাগত মানেৰে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানখনে সুসংগঠিত পাঠদান ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। মন্ত্রী ডাঃ পেগুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে এই আদর্শ মহাবিদ্যালয়খনে অঞ্চলটোত উচ্চ শিক্ষাৰ এক নতুন যুগ আৰম্ভ কৰিব। স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজৰ অঞ্চলতে গুণগত শিক্ষা গ্ৰহণৰ সুবিধা নিশ্চিত হব বুলিও তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ খাৰুপেটিয়াত নৱ নিৰ্মিত মঙলদৈ কন্যা আদর্শ মহাবিদ্যালয়খনো আজি পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে ২০২৫-২৬ বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা পহিলা আগষ্টৰ পৰা মহাবিদ্যালয়খনত শ্ৰেণীসমূহ আৰম্ভ হব। এই শিক্ষানুষ্ঠানখনৰ জৰিয়তে অঞ্চলটোত নাৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰগতি ত্বৰান্বিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক