ডাউনলোড
মোবাইল এপ

android apple
signal

শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত ফীট ইণ্ডিয়া চানদে’চ অন চাইকেল অভিযানৰ এটা বিশেষ সংস্কৰণত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নায়ক সদৃশ। এই শিক্ষক-শিক্ষয়িত্ৰীসকলে চাইক্লিঙক ফেশ্বনৰ শাৰীলৈ তুলিব পাৰে আৰু সেইবাবে তেওঁলোক বিকশিত ভাৰতৰ যাত্ৰাত নায়ক হ’ব পাৰে। তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ আহ্বান জনাইছে। ড০ মন্দাভিয়াই কয়, যে এই অভিযানে মেদবহুলতাৰ বিপক্ষে যুঁজিবলৈ আৰু ফীট ইণ্ডিয়া তথা বিকশিত ভাৰতৰ লক্ষ্যত সফলতা লাভত সহায় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ শুভাৰম্ভ কৰিছিল। ৰাষ্ট্ৰযোৰা এই অভিযান বিগত বৰ্ষৰ ডিচেম্বৰত আৰম্ভ হৈছিল। এতিয়ালৈ এই অভিযানে দেশৰ ৫ হাজাৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱাৰ লগতে ২ লাখতকৈ অধিক অংশগ্ৰহণকাৰীক সামৰি লৈছে।

অধিক পঢ়ক

সকলো চাওক