লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদ কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব। শিক্ষামন্ত্রী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এইকথা প্রকাশ কৰে। তেওঁ কয়, যে এই ৯ বিঘা ভূমিৰ এবিঘা ঘৰৰ ভেটিৰ বাবে আৰু বাকী ৮ বিঘা ভূমি খেতি কৰাৰ বাবে দিয়া হ’ব। এই লোকসকলে বসুন্ধৰা এপৰ জৰিয়তে আবেদন কৰিলেই চৰকাৰে তেওঁলোকক ভূমিৰ আৱণ্টন দিব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰী ভূমিত বিশেষকৈ ভি জি আৰ আৰু পি জি আৰ হিচাপে স্বীকৃত ভূমি দখল কৰি থকা লোকসকলক চৰকাৰে উচ্চেদ কৰিব। ডাঃ পেগুৱে জনোৱা অনুসৰি দখলমুক্ত কৰা এই মাটি বৰ্তমানলৈকে কাকো আৱণ্টন দিয়া হোৱা নাই আৰু চৰকাৰে সংৰক্ষিত ভূমি হিচাপে নিজৰ লগত ৰাখি পাছত উদ্যোগ স্থাপন বা আন কোনো চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰিব। লখিমপুৰৰ ফুকনহাট অঞ্চলত চলোৱা অভিযানত দুশতকৈও অধিক পৰিয়ালক উচ্ছেদ কৰা হয়৷
Site Admin | July 6, 2025 1:21 PM | Ranoj Pegu
লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদিত প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব
