ভাৰতৰ পি ভি সিন্ধুৱে লক্ষ্ণৌত অনুষ্ঠিত ছয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰী-কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে ইৰা শৰ্মাক ২১-১০, ১২-২১, ২১-১৫ গেমত পৰাস্ত কৰে। একেদৰে উন্নতি হুদাই আন এখন খেলত থাইলেণ্ডৰ প’ৰ্ণপিচা চ’ৱেকীঙক ২১–১৮, ২২-২০ গেমত পৰাভূত কৰি মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।ভাৰতৰ লক্ষ্য সেন, মীৰাবা লুৱাং মেইছনাম আৰু আয়ুষ ছেট্টীও পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেন কাইলৈ কোৱাৰ্টাৰ ফাইনেলত মীৰাবাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | November 28, 2024 8:39 PM | Badminton | Indian shuttler PV Sindhu | PV Sindhu | SPORTS
লক্ষ্ণৌত অনুষ্ঠিত ছয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু